ৰাজ্যত গো-মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান অব্যাহত

ৰাজ্যত গো মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলি থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গো-মাংসৰ অবৈধ সৰবৰাহ। যেন অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আছে নিষিদ্ধ গো-মাংস সৰবৰাহকাৰীয়ে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গো-মাংস।

আজি ৰাতিপুৱাই গৌৰীপুৰ থানাৰ বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে নিৰ্মীয়মান ১২৭ B চাৰিলেণ্ডযুক্ত ঘাইপথত চলাইছিল অভিযান।

অভিযানত গৌৰীপুৰ অভিমুখী WB 63 D 0084 নম্বৰৰ স্কুটি এখনক ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰাত আৰক্ষীয়ে খেদি খেদি আটক কৰে স্কুটিখন। স্কুটিখনৰ পৰা আৰক্ষীয়ে ৩০ কিলোগ্ৰাম গো-মাংস জব্দ কৰাৰ লগতে সৰবৰাহকাৰী নাজমাল মিয়াক আটক কৰে। আটকাধীন নাজমাল মিয়া চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তুফানগঞ্জৰ চৈয়দ আলী মিয়াৰ পুত্ৰ বুলি জানিব পৰা গৈছে।