দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীৰ ইক্ৰামুল মজিদ (১৭) নামৰ এজন যুৱক সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালটোক দুচিন্তাত পেলোৱা পৰিলক্ষিত হৈছে৷ চকুলোৰে বাট নেদেখা হৈ পৰিছে পিতৃ-মাতৃয়ে।
উল্লেখ্য যে বিগত ২৫ জুনৰ ২ বজাৰ পৰা নিৰুদ্দেশ হৈ থকা ইক্ৰামুল দুমুনিচকীৰ উত্তৰ চুবাৰ চাহজামাল হক আৰু ইয়াৰুন নেছাৰ একমাত্ৰ পুত্ৰ। পৰিয়ালৰ লোকে অৱগত কৰা মতে ইক্ৰামুলে দুমুনিচকী বৰনৈ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা ঘৰলৈ আহি লগৰ বন্ধুৰ লগত ওলাই যাম বুলি কৈ বৰ্তমানলৈ ঘৰলৈ উভতি অহা নাই।
পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপাই অবশেষত ছিপাঝাৰ থানত এজাহাৰ দাখিল কৰে যদিও এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই ইক্ৰামুলৰ।
কোনো সদাশয় লোকে ইক্ৰামুলৰ যদি সন্ধান পাই ছিপাঝাৰ আৰক্ষী থানাত অথবা ৭৬৩৫৮১১৭৭২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।