ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ধৰ্ণা আৰু হুংকাৰ।
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰঙিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৰূপায়ণৰ দায়িত্ব বেচৰকাৰী সংস্থাক অৰ্পণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰে। সামান্য মাননিৰে কৰ্তব্য সমাপন কৰি অহা ৰন্ধন কৰ্মীসকলৰ কামৰ নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে এই সিদ্ধান্তৰ ফলত তেওঁলোকৰ জীৱিকা বিপন্ন হ’ব। চৰকাৰে এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি আঁচনিখন পূৰ্বৰ দৰে চলোৱাৰ দাৱী উত্থাপন কৰে। তেওঁলোকে এইটোও দাবী কৰিছে যে যিবোৰ বিদ্যালয়ত বৰ্তমান NGOৰ দ্বাৰা খাদ্য যোগান ধৰা হৈছে, তাকো বাতিল কৰি বিদ্যালয়ৰ পৰিসৰত ৰন্ধা খাদ্যৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা হওক।
হাতত প্লে-কাৰ্ড, বেনাৰ লৈ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে উত্থাপিত দাবীৰ সমৰ্থনত ৰঙিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে। চৰকাৰে যদি তেওঁলোকৰ দাবী পূৰণ নকৰে, তেন্তে আগন্তুক দিনত ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে। শীঘ্ৰে মুখ্যমন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰে।