মৰিগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত

মৰিগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শক্তি মন্ত্ৰী আৰু শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰে মৰিগাঁও ছাত্ৰ সন্থাই।

উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৰে ৰাইজক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত আজি শক্তি মন্ত্ৰী আৰু শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে মৰিগাঁও ছাত্ৰ সন্থাই।

বিদ্যুৎ বিভাগ হায় হায়! বিদ্যুৎ বিভাগৰ কাম নাই! আদি শ্লগানেৰে মৰিগাঁৱৰ ৰাজপথ কঁপাই তোলে মৰিগাঁও ছাত্ৰ সন্থাই।