ডিগবৈ-দুলীয়াজান সংযোগী পথৰ মাজত বতাহ বৰষুণৰ ফলত উভালি পৰিল গছ।কেইঘন্টামানৰ বাবে যান-বাহন আৱদ্ধ।দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ডিগবৈ দুলীয়াজান সংযোগী পথত কালি নিশা আকস্মিক ঘূৰ্ণী বতাহৰ প্ৰকোপ।প্ৰৱল বতাহৰ প্ৰকোপত পথৰ দাঁতিত থকা খালত সোমাল চলন্ত বাহন৷পথৰ ওপৰতে বাগৰিল প্ৰকাণ্ড একাধিক সৰু-বৰ গছ।অৱশ্যে ঘূৰ্ণী বহাহত কোনো লোক সতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।
