আগন্তুক ২ এপ্ৰিলত ৰাভা হাছাং স্বায়ত্ত শাষিত পৰিষদ নিৰ্বাচন,
সাজু হৈছে সকলো ৰাজনৈতিক দলৰ নিজৰ প্ৰাৰ্থীক জয় যুক্ত কাৰাৰ জোৰদাৰ নিবাৰ্চনী প্ৰচাৰ।
কামৰূপ জিলা |

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগতো পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভা|পলাশবাৰী সমষ্টিৰ উমচুৰ শিলপোতা, বৰদুৱাৰ বাগান জাৰাপাতা, ৰাণীকে আদি কৰি বিভিন্ন ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ,মুখ পাত্ৰ মুনমী দত্ত,কামৰূপ গ্ৰাম্য কংগ্ৰেছৰ মুখ পাত্ৰঅশোক কুমাৰ দাস আদিকে বহু কেইজন জেষ্ঠ্য কংগ্ৰেছ নেতা।
লক্ষ্যণীয় বিষয় যে কংগ্ৰেছৰ প্ৰাৰ্থী কেইগৰাকীক জয় যুক্ত কৰা উদেশ্যে সভাবোৰত বহু মহিলা পুৰুষৰ উপস্থিতি পৰিলক্ষিত হয়।