এখন ব্যতিক্ৰমী দুৰ্গাপূজা ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সৰুপথাৰ সম জিলাৰ বৰপথাৰৰ সমন্বয় দুৰ্গাপূজা ভাগ ব্যতিক্ৰমী পূজা হিচাপে অঞ্চলটোৰ ভিতৰতে পৰিগণিত হৈছে ৷ পূজাভাগত হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ সমন্বয়েৰে, একতাৰে পূজাভাগ অনুষ্ঠিত কৰি আহিছে ৷ সপ্তম বৰ্ষ গৰকা পূজাভাগত বিভিন্ন জাতি জনজাতিৰ লগতে বিভিন্ন ধৰ্মৰ লোকে দান বৰঙণি দি ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ৷ যিসময়ত হিন্দু মুছলিমৰ মাজত বিভিন্ন মতানৈক্য চলি আছে তেনেস্থলত এই পূজাভাগত সকলো ধৰ্মৰ লোক একত্ৰিত হৈ সমন্বয়ৰ বাতাবৰণ কঢ়িয়াই আনিছে ৷ সমন্বয় দুৰ্গাপূজাত নৱমীৰ দিনা কুমাৰী পূজাই বিশেষভাৱে গুৰুত্ব পাই আহিছে ৷ আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতাত বিশেষভাৱে গুৰুত্ব দি অহা হৈছে ৷ স্থানীয় মহিলা আৰু শিশুসকলৰ মাজত উৰুলি, শংখ আৰু সৃষ্টিশীল নৃত্য আদি প্ৰতিযোগিতাৰ লগতে অষ্টমী আৰু নৱমীৰ নিশা স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয় ৷