সোণাপুৰৰ ডিগাৰু নদীৰ পাৰত উদ্ধাৰ মৃতদেহ। February 27, 2025 by Sangbadlahar আজি পুৱাৰ ভাগত সোণাপুৰ বাৰঘৰীয়াৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃত ব্যক্তিজন সোণাপুৰ কচুতলিৰ জাকিৰ হুছেইন(৫০) বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত সোণাপুৰ আৰক্ষী। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।