দুশ বছৰ গৰকা এভাগ পূজা । এই পূজাভাগৰ আছে অন্য ঐতিহাসিক মহত্ব । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

উত্তৰ গুৱাহাটীৰ এখন ব্যক্তিগত পৰিয়ালৰ দুৰ্গাপূজা।
দুশ বছৰত ভৰি দিলে উত্তৰ গুৱাহাটী ন-গোঁহাই পৰিয়ালৰ দুৰ্গাপূজাখনে ।
সম্পূৰ্ণ বৈদিক নীতি-নিয়মৰে ১৮২৩ চনৰ পৰাই পালন কৰি আহিছে এইভাগ দুৰ্গাপূজাৰ ।
মান সেনাৰ আক্ৰমণত পলাই আহি পৰিয়ালটোয়ে উত্তৰ গুৱাহাটীত নিগাজিকৈ বাস কৰাৰে পৰা পালন কৰি আহিছে দুৰ্গাপূজাভাগ । উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ কামৰূপৰ ঐতিহ্য বহন কৰা এই পূজাভাগ অনুষ্ঠিত হয় সম্পূৰ্ণ বৈদিক আৰু তান্ত্ৰিক প্ৰক্ৰিয়াৰে । আহোম ৰাজত্বকালত মাজুলীৰ পহুমৰাত ন-গোঁসাই আচাৰ্য ৰমানন্দ পুষ্পাচাৰ্যৰ পৰিয়ালে অনুষ্ঠিত কৰিছিল এই পূজা । স্বৰ্গদেউ লক্ষ্মীকান্ত সিংহৰ দীক্ষাগুৰু ৰমানন্দ পুষ্পাচাৰ্যৰ সৰুজনা পুত্ৰ গঙ্গেশ্বৰৰ পৰিয়ালটো মানৰ তৃতীয় আক্ৰমণৰ বলি হৈ পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটীলৈ স্থানান্তৰিত হৈ এই পূজাভাগ অনুষ্ঠিত কৰি আহিছে । আজিও সম্পূৰ্ণ বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হৈ অহা এই পূজা উত্তৰ গুৱাহাটীৰ ন গোঁসাইৰ পৰিয়ালে নীৰৱচ্ছিন্নভাৱে অনুষ্ঠিত কৰি আহিছে ।