পাৱৈ চাহ বাগিচাত এগৰাকী কিশোৰীৰ নৃশংস হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য । হত্যাকাৰীক জেললৈ প্ৰেৰণ।

এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত এগৰাকী ১১ বছৰীয়া কিশোৰীক নিজৰ দদায়েকে মঙ্গলবাৰে সন্ধিয়া নিজ ঘৰতে কোনো কাৰণ নোহোৱাকৈ পাছফালৰ পৰা এখন কুঠাৰে ঘপিয়াই হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ পাৱৈ চাহ বাগিচা অঞ্চল । উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজাৰ বাবে পাৱৈ চাহ বাগিচাত সোমবাৰে বোনাচ প্ৰদান কৰা হৈছিল। পাৱৈ চেণ্টাৰৰ ৫ নং লাইনতো বোনাচ প্ৰদান কৰা হৈছিল আৰু পুজাৰ বতৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছিল অঞ্চলটোত । প্ৰয়াত চহান ভূমিজৰ কন্যা বেবী ভূমিজ নামৰ কিশোৰীগৰাকীক নিজৰে দদায়েক মহন ভূমিজে কুঠাৰেৰে মূৰত ঘপিয়াই হত্যা কৰে । ঘটনাৰ খবৰ লাভ কৰি ডিগবৈ থানাৰ আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ সৈতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী, অভিযুক্ত মিঠুন ভূমিজক কৌশলেৰে আটক কৰিবলৈ সক্ষম হয় । কণমানি কিশোৰীৰ নিঠৰুৱা দেহাটি যোৱানিশা আৰক্ষী চকীতেই ৰাখি আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে । কি কাৰণে কণমানি ছোৱালীজনীক দদায়েকে হত্যা কৰিলে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব ।