জাগীৰোডৰ দুৰ্গা পূজা উদযাপন সমিতি জনকল্যাণ সংঘৰ প্ৰশংসনীয় পদক্ষেপ ।

আজি মহাষষ্ঠী । ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এতিয়া পূজাৰ আনন্দ-উল্লাসৰ ঢল । আজি বেদীত স্থাপন কৰা হ’ব দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতিমা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো পূজাস্থলীসমূহত প্ৰস্তুতি তুংগত উঠিছে । জাগীৰোডৰ ঐতহ্যমণ্ডিত জনকল্যাণ সংঘৰ দুৰ্গোৎসৱৰ পৰিৱেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । জনকল্যাণ সংঘই এইবাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ধুমধামেৰে উদযাপন কৰিছে ৫১ সংখ্যক দুৰ্গোৎসৱ । উদ্যোক্তাসকলে পঞ্চমীৰ সন্ধিয়া পূজাথলীৰ দ্বাৰ উন্মোচন কৰাৰ লগতে “মহামিলন” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰি জাগীৰোডৰ সকলো দুৰ্গোৎসৱ সমিতিৰ বিষয়ববীয়াসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । উদ্যোক্তাসকলে বিজয়া দশমী পৰ্যন্ত আয়োজন কৰিছে বহুকেইটা আকৰ্ষণীয় অনুষ্ঠান ও ।