মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে মৰিগাঁও জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সঞ্চালনত বিষয়া, কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত হয় এখন সজাগতা সভা । জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত ডা: সংগীতা বৰঠাকুৰ, জিলা স্বাস্থ্য সঞ্চালক ডা: অৰুণ নাথকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী বিভাগীয় অতিৰিক্ত আয়ুক্ত উপস্থিত থকাৰ লগতে আয়ুক্ত কাৰ্যালয়ৰ শতাধিক বিষয়া-কৰ্মচাৰী উপস্থিত থকা কৰ্মশালাখনত বিষয়বস্তু “এতিয়া সময় আহি পৰিছে কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য প্ৰাধান্যতা বৃদ্ধি কৰিব লাগে, সংগতি ৰাখি সজাগতা সভাখন আয়োজন কৰা হয় । মনোৰোগ বিশেষজ্ঞ ডঃ জয়ন্ত দত্তৰ লগতে জিলাৰ সমাজ মনোবিদ নিমিশা হিৰু বৰাই এই বিষয়ে বিতংভাৱে বক্তব্য আগবঢ়াই ।