মুছলপুৰত নৱৰাত্ৰী পূজাৰ পঞ্চম দিন । দেৱী দুৰ্গাৰ বন্দনাৰে উখলমাখল মুছলপুৰৰ আকাশ-বতাহ ।

শাৰদীয় দুৰ্গোৎসৱক লৈ বাক্সা জিলাৰ সদৰ মুছলপুৰতো এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে । দেৱী দুৰ্গাৰ আশিষ লোৱাৰ বাবে উপস্থিত হৈছে বহু ভক্ত । প্ৰথমবাৰৰ বাবে মুছলপুৰত দহদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দেৱী দুৰ্গাৰ নৱৰাত্ৰী পূজা । মুছলপুৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা দুৰ্গোৎসৱৰ আজি পঞ্চমী তিথি । তাৎপৰ্য অনুসৰি আজি দেৱী দুৰ্গা কাত্যায়নী ৰূপত অৱতীৰ্ণ হব । যাৰ বাবে দেৱী দুৰ্গাৰ আশিষ লোৱাৰ বাবে আজিৰ দিনটোত বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি পূজাৰ বাকী দিনকেইটাত চিনেমা প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যসূচী, বিভিন্ন প্ৰতিযোগিতাৰ লগতে বাণিজ্য মেলা অনুষ্ঠিত হ’ব । পূজাস্থলীত চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰাৰ লগতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তোলা বুলি মন্তব্য কৰে সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন পাঠকে ।