প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিছে ভোটদান।দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।ধেমাজি বিধানসভা সমষ্টিৰ পশ্চিম গোগামুখ এম ই বিদ্যালয়ত ভোটদানে কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।জাগীৰোডৰ বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাই কৰিলে ভোটদান। পত্নী আইমী বৰুৱা আৰু মাতৃক লগত লৈ কৰিলে ভোটদান।আহতগুৰিৰ মৰাকলং এল পি স্কুলত ভোটদান কৰিলে মন্ত্ৰীগৰাকীয়ে।নলবাৰীত পৰিয়ালসহ ভোটদান কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।শিৱসাগৰত ভোটদান কৰিলে বিধায়ক অখিল গগৈয়ে। লখিমী নগৰ এম ই স্কুলত ভোটদান কৰিলে অখিল গগৈয়ে।শিৱসাগৰত ভোটদান কৰিলে বিধায়ক অখিল গগৈয়ে। লখিমী নগৰ এম ই স্কুলত ভোটদান কৰিলে অখিল গগৈয়ে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী কৌশিক ৰায়ে।খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাই কলিয়নি প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিলে লুৰীণজ্যোতি গগৈয়ে।নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাই। আমবাৰীৰ নৱযুগ প্ৰাথমিক বিদ্যালয়ত বিজয় গুপ্তাই কৰিলে ভোটদান।মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে কৰিলে ভোটদান। পাভৈ চাহ বাগিচাৰ এল পি স্কুলত ভোটদান কৰিলে বিজেপি পল্লৱ লোচন দাসে।নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই।প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণেও কৰিলে ভোটদান।ঢেকিয়াজুলিত মন্ত্ৰী অশোক সিংহলে কৰিলে ভোটদান। ভোটদান কৰি ঢেকিয়াজুলিত ১লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে সিংহলে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কৰিলে ভোটদান।

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান
Releated Posts
কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল
HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…
৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া
পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…
কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন
প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…
ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ
ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…












