আমাৰ ভাষা আমাৰ স্বাভিমান। জাতিৰ জীৱন প্ৰবাহক সাবটি ইতিহাস, ঐতিহ্য চেতনাক বখানি থকা অনন্য সাংস্কৃতিক মেৰুদণ্ডৰ ধাৰক-বাহক। আমাৰ ভাষা ধ্ৰুপদী ভাষাৰ শেলুৱৈ খোজৰ মৰ্যদাৰে প্ৰাচীন ভাৰতীয় ভাষাৰ অন্তভুৰ্ক্ত হোৱাত এজন নিঃকিন অসমীয়া হৈয়ো পৰম সুখ, আনন্দ, গৌৰৱ অনুভৱ কৰিছোঁ । আমাৰ ভাষাৰ কাষ চাপিব পৰা নাই হিন্দী আৰু বাঙলা ভাষাই । এনে ধীমান ভাষাৰ গতিয়ে স্বাভাৱিকতে গুৰু শংকৰৰ ভূমিত নতুন গুঞ্জণ তুলি আমাক স্বাভিমানী বাটেৰে ধীমান হোৱাৰ শক্তি প্ৰদান কৰিছে । পিছে এনে ধীমান শক্তিক জীয়াই ৰাখিবলৈ আমি কিমান জন অসমীয়াই অসমীয়া ভাষাক বুকুৰ তপতউমত উম দি ৰাখিছোঁ।
অসমীয়া ভাষা ১৫০০ শ বছৰৰ প্ৰাচীন, মাটিৰ মৰ্ম ৰসৰ ঐতিহ্যক সাবটি থকা নিজস্ব বিজ্ঞানসন্মত ব্যাকৰণ, ধ্বনিগত জীৱন, লিপিৰে সমৃদ্ধ । এই ভাষাৰ স্বকীয় স্বৰূপ অনন্য আৰু অতুলনীয় । মনত ৰখা দৰকাৰ, ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰিলেই আমি মানুহবোৰ ধ্ৰুপদী চেতনাৰ গৰাকী হৈ নাযাওঁ। কিছুমান নিয়ম-নীতি আৰু কঠোৰ জীৱন কালত ধ্ৰুপদী ভাষাসমূহে নিজক গতি দিব লাগে । আমাৰ ভাষাটো প্ৰাচীন কালৰে পৰা ধ্ৰুপদী । ইয়াক মাথোঁ আনুষ্ঠানিকতাহে প্ৰদান কৰিলে।
আমাৰ ভাষাই ধ্ৰপদী চৰিত্ৰ পৰিগ্ৰহ কৰাত আলংকাৰিক নান্দনিকতা, ছন্দোৱদ্ধৰূপে প্ৰাগজ্যোতিষপুৰ, কামৰূপ তথা চ্যুকাফাৰ বৰঅসমৰ বৰঘৰৰ মুধচে আকৌ এবাৰ পিছলৈ উভতি চোৱাৰ বাটতোক সমৃদ্ধ কৰি তুলিলে । আমাৰ ভাষাৰ জন্মকাল মৌলিক মৰ্যদা প্ৰাচীন সাহিত্যত থকা লিপিৱদ্ধ গুণ আদিৰে নিজৰ ধ্ৰুপদী চৰিত্ৰ প্ৰাচীন কালৰ পৰাই জিলিকাই ৰাখিছে । আমাৰ ভাষাত থকা শিলালিপি, তাম্ৰলিপি, হস্তলিপি, ভাস্কৰ্য বিভিন্ন ৰজাৰ জীৱন কালত খোদিত আৰু লিখিত নানান ঐতিহাসিক তথ্য আদিৰে আমাৰ ভাষাই সদায়ে স্বাভিমানী ৰূপ পৰিগ্ৰহ কৰি আহিছে।
ঐতিহাসিক মহত্বৰ মৰ্যদাক সাবটি জাতীয় চেতনাৰে সাংস্কৃতিক চৰিত্ৰদৰ্শনত ৰাষ্ট্ৰৰ জীৱনকোষলৈ আগবঢ়োৱা বৰঙণিৰে নিজস্ব ভাষিক স্বকীয়তাক লৈ আহোঁতে নৃ-গোষ্ঠীয় অনেক মানুহৰ ভাষা-দোৱানক নিজৰ বুকুত সন্মানেৰে সহঅৱস্থান দিয়াৰ যি পৰম স্বকীয়তা তাক ভাষাবিজ্ঞানৰ প্ৰবল প্ৰবক্তা বিশেষজ্ঞসকলৰ দৃষ্টিত আমাৰ ভাষাৰ ধ্ৰুপদী চৰিত্ৰ গণ্য-মান্য ধন্য, বৰেণ্য, অতুল্য, অমিতাভ আকাশ মাতে সুগন্ধি পোহৰৰ বিস্তৃতি লাভ কৰিলে। তামিল, তেলেগু, কানাড়া, মালয়ালম, উৰিয়া, সাৰাধী আৰু সংস্কৃত ভাষাৰ সমানে সমানে আমাৰ ভাষাৰ ধ্ৰুপদী অৱস্থান নিঃসন্দেহ বিশ্ব ভাষা চৰিত্ৰৰ চমৎকাৰ শিৰোনামা।
ভাষা এটা জীয়াই থাকে একোটা ভৌগোলিক, ঐতিহাসিক সাংস্কৃতিক জীৱনকোষক সামৰি থকা অঞ্চল এটাৰ মানুহৰ পঠন-পাঠন, লেখন আৰু ব্যৱহাৰৰ ৰঙেৰেহে । জনসংখ্যা কম হোৱাৰ পিচতো “হিব্ৰু” ভাষাই লাভ কৰা স্বকীয়তা মননশীল। “পালি” ভাষাৰ ব্যৱহাৰৰ নগ্নতাই ভাষাটোৰ আয়ুস ক্ৰমশঃ কমাই আনিব লাগিছে। আধুনিক পৃথিৱীৰ অনেক নৱ প্ৰজন্মৰ মুখত আমাৰ ভাষাৰ উচ্চাৰণৰ বিকৃত ৰূপ, বিভ্ৰান্তিকৰ অৰ্থ প্ৰকাশ, ভাষাটোক ক’বলৈ প্ৰকাশ কৰা অনিহা, মুখৰ অভিব্যক্তি, চাহাব হোৱাৰ দুৰন্ত তাড়নাত সহজে আঢ্যৱন্ত হ’বলৈ ব্যাপক ৰূপত কৰ্ষণ কৰা বিদেশী ভাষা প্ৰীতিয়ে আমাৰ ভাষাক চহকী কৰিব নোৱোৰে । ধ্ৰুপদী পোছাকৰ অধিকাৰী হোৱাৰ পিছতো যদি ব্যৱহাৰৰ অভাৱে নিৰন্তৰ আমাক খেদি ফুৰে তেন্তে আমাৰ ভাষাই কিমান দূৰলৈ প্ৰসাৰিত হোৱাৰ অম্লজানৰ গৰাকী হৈ থাকিব ? মাতৃভাষা সকলো মৌলিক চিন্তাৰ প্ৰকাশ, প্ৰচাৰ, উদ্ভাৱনৰ দুৰন্ত চেতনা । ইয়াক বাদ দি মাটি মৰ্যদাৰ ধ্ৰুপদী সংস্কৃতিৰ মানুহৰ সন্ধান অসম্ভৱ । অসমীয়া মানুহে কথা কওঁতে দহটা বাক্যৰ মাজত অধিক ইংৰাজী শব্দ প্ৰয়োগ কৰি যি চৰিত্ৰ প্ৰদৰ্শন কৰে সিয়ে আমাৰ দৰে নিঃকিন ভাষাপ্ৰেমীৰ বুকুত যন্ত্ৰণা আৰু আঘাত দিয়ে । আমাৰ ভাষাৰ ব্যাকৰণ, অভিধান, তৎসম,তৎভব, বিশেষ্য-বিশেষণ, সৰ্বনাম, ক্ৰিয়া, সমাপিকা, অসমাপিকা ক্ৰিয়া, সন্ধি, সমাস, বিশেষণীয় বিশেষণ, অনুৰূপ, অনুকাৰ শব্দ, বৈজ্ঞানিকভাবে ধ্বনিগত চেতনা, প্ৰাচীন নানা মৌখিক সাহিত্য, লোকগীত, বনগীত, মণিকোঁৱৰৰ গীত, আই নাম, বিয়ানাম, ফুল কোঁৱৰৰ গীত, মণিৰাম দেৱানৰ গীত, জনা গাভৰুৰ গীত, আঁকুতি, মালিতা, তেজীমলাৰ গীতৰ, নিচুকণি গীত,বিহুগীত, ফঁকৰা-যোঁজনা আদিয়ে হেজাৰোধিক বছৰৰো আগৰ শংকৰী যুগৰ পৰাই অসমীয়া ভাষাক দি অহা পৰম স্বৰ্গীয় অনুভূতিৰ মান্যতা হৃদয় উদ্বেলক। এনে চহকী ভাষাৰ গৰ্ভ নিনাদ শুনিছিল জ্যোতি ককাইদেউৱে। সেয়ে তেওঁ লিখিছিল— “কামৰূপা মোৰ সুৱদী সুৰীয়া, অসমীয়া ভাষা জগত সভালৈ যাব।” আমাৰ সংস্কৃতিৰ ৰজা বেজবৰুৱাদেৱৰ হাতত অসমীয়া ভাষাই লাভ কৰা গৰিমাৰ বাবে তেওঁক সাহিত্য সম্ৰাট বোলা হয়। ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া ভাষা প্ৰীতিৰ অনেক কথাবস্তুৱে আমাৰ ভাষাক ধ্ৰুপদী ৰঙৰ গৰাকী কৰি থৈ গৈছে। “জনমে মৰণে মই চিৰদিন অসমীয়া, স্বৰগতো দেখা পাম আমৰণ অসমীয়া ভাষা।” এনে বৰেণ্য চেতনা যি ভাষাই প্ৰদান কৰি থাকে সেই ভাষাৰ অমৃতকালক স্বৰ্ণকাল কৰিবলৈ প্ৰতিজন অসম প্ৰেমীয়েই আমাৰ ভাষাক বৰেণ্যৰূপেৰে ব্যৱহাৰ কৰিব লাগিব।
মাতৃভাষাৰ অতুল্য মৰ্যাদা হ’ল মাতৃভূমিৰ মৰ্যাদাৰে জীয়াই থকা সংস্কৃতিক স্বাৱলম্বী, স্বাভিমানী কৰি বিশ্বমুখিতাৰে চহকী কৰা৷ সকলো মানুহৰে মৌলিক অধিকাৰ মাতৃভাষা ব্যৱহাৰ কৰা, ধনী কৰা আৰু নিজেই সেই ভাষাৰে চহকী হৈ সমাজৰ সমষ্টিগত ব্যক্তিত্বৰ গৰাকী হোৱা ৷ সকলো মানুহৰ মৌলিক চিন্তা বিকাশ, প্ৰসাৰ, প্ৰচাৰ আৰু উৰ্ধমুখী হয় মাতৃভাষাৰ দ্বাৰা ৷
আধুনিকতাৰ অধিনায়ক সাহিত্য সম্ৰাট বেজবৰুৱাদেৱৰ মুখ নিসৃত অমৃত কথা– “বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাক মই সম্পূৰ্ণৰূপে হৃদয়ত ধাৰণ কৰিব নোৱাৰো ৷ সেই দেখি বিশ্বভূমি আৰু বিশ্বভাবৰ প্ৰকাশ– মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্যৰূপে মই উপাসনা কৰি আছো৷ মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য।“
মাতৃভাষাৰ সমতুল্য এজন মানুহৰ বাবে আন কিবা থাকিব পাৰে বুলি বিশ্বাস নকৰো। মাতৃভাষাৰ অতুল্য ৰাজহাড়ত জীয়াই থকা সংস্কৃতি, জাতীয় জীৱনৰ শিৰোমণি, প্ৰগতি, সভ্যতা, সাংস্কৃতিক বিজ্ঞান মাতৰ প্ৰবাহ নিজৰ ভাষাই নিৰন্তৰ কঢ়িয়াই থাকে। মাতৃভাষাই জাতীয় জীৱনৰ স্বকীয় মহিমা। যি জাতিৰ সংস্কৃতি মাটিত ৰপ্ত, প্ৰাচীন মানুহৰ জীৱনৰ খোজৰ ধ্বনিৰে সমাদৃত, ব্যৱহাৰৰ নান্দনিকতাৰে দৃষ্টিনন্দন তেনে ভাষাই জাতীয় জীৱনৰ হৃদয় স্পন্দিত কৰিবই। সেই জাতিৰ চৰিত্ৰ দিগন্তমুখী হৈ বিশ্বক আলোড়িত, আলোকিত কৰে নিৰন্তৰ। তেতিয়া বিশ্বমুখী ভাৱনাৰ মনোভংগীত লিপিতখাই পৰে ভাষা। ইতিমধ্যে বহুজাতিক ব্যৱসায়ৰ তীৰ্যক হেঁচাত আমাৰ ভাষাই অনেক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখত পৰিছে। এই প্ৰত্যাহ্বানক আহ্বান অথবা প্ৰত্যাশালৈ ৰূপান্তৰ কৰা কাম হ’ব আমাৰ ভাষাক বহলভাবে ব্যৱহাৰ কৰা। মাতৃভাষাই আমাক যি সংস্কৃতি সংস্কাৰ দিয়ে— কোনো বিদেশী ভাষাই সেয়া দিব নোৱাৰে। পৃথিবীত বৰেণ্য, অতুলনীয়, হৃদয় আকৰ্ষণ গুৰু শংকৰৰ শিশুকালৰ কবিতা “কৰতল কমল, কমল দল নয়ন” অদ্বিতীয় সত্বা। আমি সেই সত্বাত ৰপ্ত ভাষাৰ গৰাকী। আমাৰ আইৰ মুখৰ ভাষা অমৃত দুগ্ধ, পবিত্ৰ স্বচ্ছৰূপেৰে বিশ্বমুখী ধ্ৰুপদী মৰ্যদাৰ ছান্দসিক, ছন্দোৱদ্ধ ৰূপৰ নান্দনিকতাৰে পৰিপূৰ্ণ। এই ভাষাক মহাচৰিত্ৰ কৰিব লাগিব আমিয়েই। বিৱৰ্তন, আৱৰ্তন, পৰিবৰ্তন, নতুন শব্দ সৃষ্টিৰে সংবৰ্ধনৰ পৰিমাত্ৰা দি থাকিলে—আমি চহকী ভাষাৰ গৰাকী হৈ বিশ্বত মূৰডাঙি থিয় হৈ থাকিব পাৰিম।
ভূপেন হাজৰিকা, জ্যোতি ককাইদেউ, ৰাভাদেৱ, সাহিত্যভীষ্ম পদ্মনাথ গোহাই বৰুৱা, আনন্দৰাম ঢেকীয়ালফুকন, ভাষাৰ ওজা হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, সত্যেন্দ্ৰ নাথ শৰ্মা, মহেশ্বৰ নেওঁগ, ডিম্বেশ্বৰ নেওঁগ, নগেন শইকীয়া… ৰ দৰে অনেক ধীমান কৃতধী অসমীয়াই আমাৰ ভাষাক দিয়া ৰূপ চৰিত্ৰ মান্যতাই যি ভাষাভেটিৰ জন্ম দিলে সেয়ে আমাক জাতিৰ ধ্ৰুপদী চোতাললৈ নি বিৰল ইতিহাসৰ সতে সংপৃক্ত কৰি পেলালে।
বাল্মিকী ৰামায়ণ চতুদশ শতিকাতে অসমীয়া ভাষালৈ অনুবাদ হৈছিল। সিয়ে আজিৰ গ্লৱেল জগতত আমাৰ ভাষাৰ চৰিত্ৰ ৰামধেনুক আৰু বিস্তাৰিত কৰি ৰাখিছে।
এপি জে’ আব্দুল কালামে তামিল ভাষাত পঢ়া-শুনা কৰিছিল। জানিছিল দৃঢ়কৈ মালয়ালম ভাষা। ইংৰাজী তেওঁ কাম চলাবলৈ হে পৰবৰ্ত্তী কালত শিকিছিল। আইনষ্টাইনে পঢ়া-শুনা কৰিছিল জাৰ্মান ভাষাত। পৃথিবীৰ মহান মনিষীসকলৰ মাতৃভাষা প্ৰেমে তেওঁলোকক, তেওঁলোকৰ জাতিক অমৰ কৰি ৰাখিছে। কোনো বিদেশী ভাষাৰ দ্বাৰা এজন মানুহক সবল ব্যক্তিত্বৰ গৰাকী কৰা জাতীয় জীৱনৰ ক্ষুধা নিবাৰণ কৰাটো সম্পূৰ্ণৰূপেই অসম্ভৱ। আজি ভালেমান উচ্চ আৰু মধ্যবিত্ত অসমীয়াই নিজৰ ফোপোলা আভিজাত্যৰ বাবে মাতৃভাষাক এলাগি কৰাত ১৫০০ বছৰৰ পুৰণি বৰ্ণ লিপিৰে সমৃদ্ধ আমাৰ ভাষাৰ বুকুলৈ নানা বিপৰ্যয় আহিছে। “জগতৰে গুৰু শ্ৰীমন্ত শংকৰ ঘৰতে আছিলে অন্ধলাই নেদেখিলো” বুলি বেজবৰুৱাই কৰা আক্ষেপ যদি আমাৰ জীৱন নদীৰ নাওৰ গতি হয় তেন্তে হাজাৰ বিঘিনীৰ মাজতো আমি স্বমহিমা, গৰিমা, আভিজাত্যৰ স্বাভিমানেৰে আমাৰ ভাষাৰ দ্বাৰা স্বাৱলম্বী হৈ থাকিব পাৰিম। যেতিয়া প্ৰতিজন অসমীয়া বজাৰ, নগৰ, গাওঁ আদিত নিজৰ প্ৰয়োজনীয় কামত অসমীয়া ভাষাক ব্যৱহাৰ কৰিব, লিখিব, কব, তেতিয়াই বৰলুইত আকৌ নানা জান-জুৰি,নদীৰ সান্নিধ্যত ব্ৰহ্মপুত্ৰ হোৱাৰ দৰে অসমীয়া ভাষা— প্ৰবাহিত হৈ বিশ্ব দৰ্শনত সূত্ৰধাৰ হৈ থাকিব।