বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ চেগুন বাগান ৰিজৰ্টৰ স্বত্বাধিকাৰী এগৰাকী মহিলাৰ। কিন্তু কিয়? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত নিশা জব্দ বৃহৎ পৰিমাণৰ সুৰা । সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। অবৈধভাৱে সুৰাৰ ব্যৱসায় চলোৱাৰ অভিযোগ চেগুন বাগান ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে। দেওবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে চেগুন বাগান ৰিজৰ্টৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱা সাংবাদিকক সোণাপুৰ আৰক্ষীৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰে ৰিজৰ্টখনৰ স্বত্ত্বাধিকাৰীয়ে, লগতে ব্যক্তিগত চেটেলাইট চেনেলৰ ডিমৰীয়াৰ সাংবাদিকৰ মোবাইল ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ চকুৰ সন্মুখতে ব্যক্তিগত চেটেলাইট চেনেলৰ বুম দলিয়াই পেলায় মহিলাগৰাকীয়ে । আবকাৰী বিভাগ তথা আৰক্ষীৰ নাকৰ তলেৰে এতিয়া সোণাপুৰৰ একাংশ ধাবা ৰিজৰ্টত চলি আছে অবৈধভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। আৰক্ষীকো যেন কেৰেপ নকৰে চেগুন বাগান ৰিজৰ্টৰ স্বত্ত্বাধিকাৰীয়ে । সোণাপুৰ আৰক্ষীৰ সন্মুখতে মহিলাগৰাকীৰ মন্তব্য, আজি নিছে কালি আকৌ ঘূৰাই দিব । এতিয়া প্ৰশ্ন হয় কেনেকৈ আবকাৰী বিভাগ তথা আৰক্ষীৰ নাকৰ তলেৰে সোণাপুৰৰ একাংশ ধাবা ৰিজৰ্ট চলাইছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। আবকাৰী বিভাগ তথা আৰক্ষীৰ সৈতে আছে নেকি কিবা গোপন বুজাবুজি? তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । এই ঘটনাৰ পাছতে ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকগৰাকীয়ে সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। বিলাতী সুৰাৰ বেহা চলাই অহা আৰু সাংবাদিকক আক্ৰমণ কৰা চেগুন বাগান ৰিজৰ্টৰ স্বত্বাধিকাৰী এই গৰাকী মহিলাৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হব।