• Home
  • অসম
  • পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক ইউএছটিএমত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান
Image

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক ইউএছটিএমত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

]
পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক ইউএছটিএমত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

Ri-Bhoi, Meghalaya | 16 March 2026: ইউএছটিএম-ৰ ছচিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে দুজন বিশিষ্ট সমাজসেৱীক *“সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান কৰি সন্মানিত কৰে।
সমাজ উন্নয়ন আৰু জনসেৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
এই বঁটা বিশ্ববিদ্যালয়খনৰ মাননীয় আচাৰ্য্য শ্ৰী মহবুবুল হকে প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে স্কুল অফ ছচিয়েল চাইন্সচ বিভাগৰ প্ৰফেছাৰ গৰিমা কলিতা সহ বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল। ২০২৬ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা মেঘালয়ৰ শ্ৰী হেলি ৱাৰক এই সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান কৰা হয়। মেঘালয়ৰ এজন খাছি কৃষক আৰু পৰিৱেশ সংৰক্ষণ কৰ্মী হিচাপে তেওঁ বহু বছৰ ধৰি লিভিং ৰুট ব্ৰীজ সংৰক্ষণ আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজ আৰু পৰিৱেশৰ প্ৰতি তেওঁৰ আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০২৬ চনত ভাৰত চৰকাৰৰ অন্যতম শ্ৰেষ্ঠ নাগৰিক সন্মান *পদ্মশ্ৰী* প্ৰদান কৰে।
একেদৰে এই বঁটা প্ৰসাদ অগ্নিহোত্ৰী লৈও প্ৰদান কৰা হয়। তেওঁ বহু বছৰ ধৰি অসহায় আৰু আৰ্থিকভাৱে দুৰ্বল কৰ্কট ৰোগীসকলক সহায় আগবঢ়োৱা, চিকিৎসা সহায়তা প্ৰদান কৰা আৰু সমাজকল্যাণমূলক কামত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

অনুষ্ঠানত বক্তব্য ৰাখি দুয়ো গৰাকী বঁটা লাভ কৰা সমাজ সেৱীয়ে সমাজত সহানুভূতি, দায়িত্ববোধ আৰু একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে যুৱ প্ৰজন্মক সমাজৰ সৈতে নিবিড়ভাৱে জড়িত হৈ মানৱতা, সেৱা আৰু সামাজিক ন্যায়ৰ মূল্যবোধ আগবঢ়াই নিয়াৰ আহ্বান জনায়।“আশা আৰু সমন্বয় গঢ়ি তোলা: বিভক্ত সমাজক একত্ৰিত কৰাৰ আহ্বান” শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই বিশেষ দিনটোত মূল ভাষণ প্ৰদান কৰে Pradeep Ramavath-এ, যিয়ে এখন অন্তৰ্ভুক্তিমূলক আৰু সমন্বিত সমাজ গঢ়ি তোলাত পেছাদাৰী সমাজকৰ্মৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

বিশ্ববিদ্যালয়খনৰ বিষয়ে: ২০১১ চনত প্ৰতিষ্ঠিত ইউ এছ টি এমত উত্তৰ-পূব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত প্ৰতিষ্ঠিত অন্যতম আগশাৰীৰ ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০২১ চনত National Assessment and Accreditation Council-ৰ দ্বাৰা প্ৰথম মূল্যায়নত ‘এ’ মানৰ স্বীকৃতি লাভ কৰে। শিক্ষাদান, গৱেষণা, উদ্ভাৱন আৰু সমাজৰ উন্নয়নত অবিৰত অৱদান আগবঢ়োৱাই বিশ্ববিদ্যালয়খনৰ মূল লক্ষ্য।

Releated Posts

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…

ByByMahesh Malakar May 1, 2026

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…

ByByMahesh Malakar May 1, 2026
Scroll to Top