ডিগবৈত আৰক্ষীৰ হাতৰ পৰাই পলায়ন দুই ড্ৰাগছ পেডলাৰ ৷

তিনিচুকীয়া জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা অৱস্থাত পলায়ন কৰে ড্ৰাগছ পেডলাৰ ৰাজেন মুড়া আৰু ৰাতুল সোণোৱালে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাজেন মুড়াক পুনৰ ধৰিবলৈ সক্ষম হয় যদিও লক্ষীপথাৰ ৰংচঙীয়াৰ ৰাতুল সোণোৱাল হাজৰিকা নামৰ ড্ৰাগছ পেডলাৰটো পলায়ন কৰে । উল্লেখ্য যে, আটকাধীন ৰাজেন আৰু ৰাতুলৰ জিম্মাৰ পৰা ১৫.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল । বুধবাৰে সন্ধিয়া তিনিচুকীয়াৰ জেললৈ নিয়াৰ অৱস্থাত ডিগবৈ চহৰৰ এখন হোটেলত ভাত খাই গাড়ীত উঠোৱাৰ সময়তে পলায়ন কৰে । ডিগবৈ আৰক্ষী থানাৰ সহঃ পৰিদৰ্শক তথা গোচৰৰ তদন্তকাৰী বিষয়া যোগান্ত মেধীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৰ মাজৰ পৰাই পলায়ন কৰে । এনে ঘটনাৰ বাবে আৰক্ষীক ধিক্কাৰ দিয়ে সচেতন মহলে।