ডিগবৈত নাগৰিক সমিতিৰ বৈঠকত নতুন সমিতি গঠন কৰি দায়িত্ব অৰ্পণ।

সমগ্ৰ অসমতে বুধবাৰে নিজ নিজ আৰক্ষী থানাৰ এলেকাত নাগৰিক সভা অনুষ্ঠিত হোৱাৰ দৰেই ডিগবৈতো এখন বৃহৎ নাগৰিক সভা অনুষ্ঠিত হয় । নাগৰিক সভাত ধীৰাজ গগৈক সভাপতি,থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক সদস্য সচিব,ডিগবৈ বিধায়ক সুৰেণ ফুকন,অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈ,লক্ষ্মণ শৰ্মা, হেমন্ত বুঢ়াগোহাঁই,তৃষ্ণা ফুকন বৈৰাগী,অলি হাজৰিকা, ৰাজহ চক্ৰ বিষয়া,খণ্ড উন্নয়ন বিষয়াক সদস্য হিচাপে লৈ নাগৰিক সমিতিখন গঠন কৰা হয় । নাগৰিক সমিতিৰ কাম-কাজৰ সম্পৰ্কে আলোচনা আগবঢ়ায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই । ১নং বৰবিল জ্যোতিনগৰ সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি ধীৰাজ গগৈয়ে সভাপতিত্ব কৰা নাগৰিক সভাত নাগৰিক সমিতিৰ অন্যতম আমন্ত্ৰিত সদস্য ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে আইন শৃংখলাজনিত বিষয়ত আৰক্ষীৰ সৈতে নাগৰিক সমিতিয়ে কেনেকৈ সহযোগিতা আগবঢ়াব সেই সম্পৰ্কে ব্যাখ্যা ডাঙি ধৰে । জ্যেষ্ঠ নাগৰিক অনিল চন্দ্ৰ শইকীয়া,যুৱনেতা বীৰাজ ৰাজকোঁৱৰ, অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈ,সমাজকৰ্মী অশোক শৰ্মা আদিয়ে নাগৰিক সমিতিৰ কৰণীয় আৰু স্থানীয় থানাখনৰ আৰক্ষীক জনসাধাৰণে কেনেকৈ সহযোগিতা আগবঢ়াব সেই সম্পৰ্কে সভাত আলোচনা কৰা হয় । নাগৰিক সভাত শতাধিক জ্যেষ্ঠ নাগৰিক, গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়া ৰাইজ উপস্থিত থাকে।