১৬ বছৰীয়া চোৰক আটক ৰাইজৰ । হাতে-লোটে ধৰা পৰাত চোৰক ৰাইজে গতালে আৰক্ষীক ।

আমিনগাঁৱত দোকানীক জ্বলাকলা দেখুওৱা এটা পোৱালী চোৰক আটক ৰাইজৰ ।
আমিনগাঁও আই চি ডিৰ দোকান সম্পূৰ্ণৰূপে খালী কৰি অহা পোৱালী চোৰটো ৰাইজৰ হাতত ধৰা পৰে ।
১৬ বছৰীয়া পোৱালী চোৰটোক ৰাইজে গতাই দিয়ে আৰক্ষীক ।
চোৰটোৱে নাম লৈছে দুই সহযোগী চোৰৰ ।
মঞ্জয় আৰু ৰাহুল দাস নামৰ ব্যক্তিৰ সহযোগত পোৱালী চোৰটোৱে দৈনিক চুৰি কৰিছিল তিনি-চাৰিখন দোকানত ।
দৰ্জা ভাঙি অথবা টিনপাতৰ বেৰ ভাঙি চোৰৰ গেঙে চলাই গৈছিল লুটপাত ।
চকলেট -বিস্কুটৰ পৰা গৰু ছাগলী বাদ পৰা নাছিল পোৱালী গেঙৰ হাতৰ পৰা ।
ৰন্ধন গেছৰ পৰা প্ৰসাধন- চিগাৰেট গুটখা সকলোতে চলিছিল লুটপাত ।
চুপ লৈ ৰাইজে ধৰিলে ধুৰন্ধৰ পোৱালী চোৰটোক ।
মঞ্জয় আৰু ৰাহুল দাসক গ্ৰেপ্তাৰ কৰিলে হেনো ওলাব ওৰহি গছৰ ওৰ ।
দোকানৰ খোৱা বস্তুত অধিক লোভ পোৱালী গেঙৰ ।