কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাছাৰৰ পৰা সমগ্ৰ দেশতে ভাইব্ৰেণ্ট ভিলেজ প্ৰ’গ্ৰাম-২ শুভাৰম্ভ কৰা প্ৰাক-মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিছনত বৰাক উপত্যকাৰ গুৰুত্ব আলোকপাত কৰে । হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম X যোগে লিখে,”এবাৰ, আহিবলগীয়া বৰাক উপত্যকাৰ সচিবালয়লৈ চকু ফুৰাওক । আজি অমিত শ্বাহ ডাঙৰীয়াই কাছাৰৰ পৰা সমগ্ৰ দেশত ভাইব্ৰেণ্ট ভিলেজ প্ৰ’গ্ৰাম-২ শুভাৰম্ভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অঞ্চলটোৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব । এসময়ত যি অঞ্চল অৱহেলিত আছিল, আজি তাৰিখত অসমৰ উন্নয়নৰ দৃষ্টিকোণত আৰু ৰাষ্ট্ৰীয় এক্ট ইষ্ট ভিছনত এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে থিয় হৈছে ।”আন্তঃগাঁথনি আৰু সংযোগৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰসংগত শৰ্মাই লগতে কয়,”আমি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট জোৰ দিছোঁ আৰু আগন্তুক এক্সপ্ৰেছৱে’ৰ জৰিয়তে গুৱাহাটী আৰু শিলচৰৰ মাজৰ দূৰত্ব মাত্ৰ ৫ ঘণ্টালৈ হ্ৰাস কৰাকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।”ৰাজ্য় চৰকাৰৰ প্ৰতিশ্ৰুতি সম্পৰ্কত পুনৰবাৰ উল্লেখ কৰি তেওঁ কয়,”আমাৰ ডাবল ইঞ্জিন চৰকাৰে অধিক কাম কৰিবলৈ আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰ ন্যায্য উন্নয়ন নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

বৰাক উপত্যকা এতিয়া অসমৰ বিকাশৰ চাবিকাঠি : হিমন্ত বিশ্ব শৰ্মা
Releated Posts
ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী
মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…
ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন
জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।












