জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?
আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সযোগে জুবিন গাৰ্গৰ ২য় দিনৰ শুনানি গ্ৰহণ কৰা হয়।
২৫৬/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয় সত্ৰ ন্যায়াধীশ আদালতত। ভাৰ্চুৱেলী আদালতত হাজিৰ হয় সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাসহ আটাইজন অভিযুক্ত।
৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে আদালতে। ইফালে অভিযুক্ত পক্ষৰ পৰা জামিন আবেদন কৰা নাই কোনো অধিবক্তাই। সকলো পক্ষকে গোচৰটোত জড়িত নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৩ জানুৱাৰীত সকলো অভিযোগৰ ওপৰত শুনানি হ’ব আদালতত।













