সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন ।

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত আৰু যোগ বিদ্যা গুৰুকুল নাচিকৰ সহযোগত উত্তৰ গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন কৰা হয় । প্ৰান্ত যোগ প্ৰমুখ অৰূপ জ্যোতি দাসে আঁতধৰা অনুষ্ঠানটি বন্তি প্রজ্জ্বলনেৰে শুভাৰম্ভ কৰে জেষ্ঠ্য প্ৰচাৰক ভাস্কৰ কুলকাৰ্ণিয়ে । উদ্বোধনী ভাষণ প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰ তালখেড়কৰজীয়ে । অনুষ্ঠানত উপস্থিত থাকি যোগৰ বিভিন্ন বিষয়ত মাৰ্গ দৰ্শন প্ৰদান কৰে যোগ বিদ্যা গুৰুকুল নাচিক মহাৰাষ্ট্ৰৰ যোগাচাৰ্যা প্ৰৱীন দেশপাণ্ডে, সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সম্পাদক ৰিজু দত্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সেৱা প্ৰমুখ ৰাজেশ দেশকৰ । অনুষ্ঠানত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ বিভাগৰ তৰফৰ ১৯৯৬ চনৰ যোগ প্ৰচাৰ প্ৰসাৰৰ বাবে অবিৰতভাৱে যোগ সেৱা আগবঢ়ায় থকা হিমাদ্ৰী পুৰকায়স্থ , ডাঃ অৰুণ কুমাৰ বেনাৰ্জীদেৱক জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়। লগতে অসমৰ বিভিন্ন জিলাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক যোগ সাধনা বঁটা প্ৰদান কৰা হয় । অসমৰ ৩৬ খন জিলাৰ মুঠ ২৫৯ গৰাকী পুৰুষ মহিলা উভয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সেৱা ভাৰতী পূৰ্বাঞ্চলে যোগৰ শিক্ষাৰ প্ৰশিক্ষণৰ
জৰিয়তে সমাজখনক শাৰীৰিক, মানসিক, বৌদ্ধিক উন্নতি সাধন কৰি আগবঢ়াই লৈ যোৱাৰ উদেশ্যৰে ১৯৯৬ চনৰ পৰা যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। “যোগ ৰূপী গংগা ঘৰে ঘৰে বোৱাই লৈ যোৱা ” মূলমন্ত্ৰ আগত লৈ সেৱা ভাৰতী পূৰ্বাঞ্চলে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনাগত দিনত যোগৰ ক্ষেত্ৰখনত আৰু অধিক কাম কৰাৰ পৰিকল্পনা হাতত লৈছে।