গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা সময়তে চিঙি পৰিল ৰাষ্ট্ৰীয় পতাকা…

তিনিচুকীয়া জিলাৰ জাগুনত অঘটন। অসম অৰুণাচল সীমান্তৰ জাগুনৰ বিষ্ণুপুৰীয়া অসম ৰাইফলচ্ এক্স চাৰ্ভিচমেন এচ’চিয়েচনে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা সময়তে ৰাষ্ট্ৰীয় পতাকা তলত চিগি পৰিলত লাগিল হুলস্থূল।এচ’চিয়েচনৰ সভাপতি পদ্ম গুৰুঙে কৰিছিল ৰাষ্ট্ৰীয় পতাকা উন্মোচন। সহযোগিতা কৰিছিল সম্পাদক প্ৰেম থাপা আৰু অৱসৰী চুবেদাৰ ৰঞ্জিত তামাং।