সাপমাৰীৰ দীপ কাকতি নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।তাৰ পাছতে বাসগৃহত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত দীপ কাকতিৰ বাসগৃহৰ লগতে বাসগৃহত থকা সকলো সা সামগ্ৰী জুইত ভষ্মীভুত হয় । স্থানীয় ৰাইজ আৰু মৰিগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।
গণৰাজ্য দিৱসৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁও সাপমাৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
![](https://sangbadlahar.com/wp-content/uploads/2025/01/Screenshot-425.png)