গোৰেশ্বৰত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি।

গোৰেশ্বৰৰ সমীপবৰ্তী তথা কামৰূপ জিলাৰ সেপকুছি গাঁৱত ২০২২চনতে জল জীৱন মিছন আঁচনিখনৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু ঠিকাদাৰৰ চুড়ান্ত মইমতালিৰ বাবে বহু পিছত নিৰ্মাণ কৰা ওচৰৰে কেইবাখনো আঁচনি সম্পূৰ্ণ হ’ল যদিও ৩ বছৰ পিছতো এই আঁচনিখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাইহাটা চাৰিআলি উপ সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা আঁচনিখনৰ বাবদ ৯৩লাখ টকা ধাৰ্য কৰা হৈছিল। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰ পৰেশ কাকতিয়ে বিগত আঢ়ৈ বছৰে অতি লেহেম গতিত প্ৰায় ৪০শতাংশ কাম কৰি ৯৩ লাখ টকীয়া আচনিটোৰ ২৬ লাখ টকা মোকলাই নি বাকী কাম আধৰুৱাকৈ থৈ দিয়ে ।ঘৰে ঘৰে পোতা পাইপসমূহো তেনেকৈয়ে পৰি আছে। ফলত গাঁওখনৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হব লগা হৈছে।এনে পৰিস্থিতিত শীঘ্ৰে আঁচনিখন সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবলৈ গাঁওখনৰ ৰাইজে দাবী জনাইছে। ইফালে কাম সম্পূৰ্ণ নকৰিলে ঠিকাদাৰক মাটি খিনি মুকলি কৰি দিবলৈ দাবী জনাইছে ভুমি দাঁতা পৰিয়ালে।