নগাঁও জিলাৰ ৰাঙলু গাঁৱৰ ২২ বছৰীয়া যুৱক আবুল হুছেইন নিৰুদ্দেশ হৈছে। কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু গাঁৱৰ নিবাসী আলাল উদ্দিনৰ পুত্ৰ আবুল হুছেইন যোৱা বুধবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে৷
পৰিয়ালৰ লোকে জনোৱা অনুসৰি আন দিনাৰ দৰে সন্ধিয়া যি দৰে দোকান-বজাৰৰ ফালে ওলাই যায় সেই দিনাও সন্ধিয়া ৬ টা মান বজাত নিজা AS ০২ AF ১৭৬৯ নম্বৰৰ পাল্চাৰ মটৰচাইকেলখন লৈ ওলাই গৈছিল যুৱকজন। কিন্তু পৰিয়ালৰ লোকে ৮:৩০ মান বজাত ফোন কৰাত মোবাইল অফ হোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে৷
তাৰ পিছৰ পৰাই পৰিয়ালৰ লোকে বহু বিচাৰ-খোঁজ কৰিও যুৱকজনৰ সন্ধান বৰ্তমানলৈক উলিয়াব পৰা নাই। এই বিপদৰ সময়চোৱাত মাক-দেউতাকৰ লগতে আত্মীয় স্বজনো দিশহাৰা হৈ পৰিছে৷
ভুক্তভোগী পৰিয়ালটোৱে উপায়ান্তৰ হৈ যুৱকজনৰ সন্ধানত কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
কোনো সদাশয় লোকে যদি যুৱক জনৰ সন্ধান পাই বা মটৰচাইকেলখন দেখা পাই তেন্তে তলত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰি উপকৃত কৰিব বুলি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে সকলোলৈকে অনুৰোধ জনাইছে৷
মোবাইল নং 9867591583, 8850010165
ৰাঙলু গড়াবাৰী গাঁও