ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিস্থিত অগ্ৰণী বেচৰকাৰী বিদ্যালয় আদৰ্শ শিশু নিকেতনৰ নৱাগত আদৰণি সভা । তদুপলক্ষে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ প্ৰধান শিক্ষক অনুপম দাসৰ ।পেহেলগামত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন বিদ্যালয় কৰ্তৃপক্ষৰ । সাহিত্য একাডেমী যুৱ পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট কবি দ্বীজেন কুমাৰ দাসে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছতে অনুষ্ঠিত কৰা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ দ্বাৰা নিৰ্মিত প্ৰদৰ্শনী মূলক কাৰ্যসূচীৰ দ্বাৰ মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ।ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ।

একেখন মঞ্চতে আছুৰ তথ্য সম্পাদক ডুলুমণি দাসে নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সমবেত অভিভাৱক আৰু ছাত্র ছাত্ৰী সকলক উদ্দেশ্যী ভাষণ ৰাখে ।কাৰ্যসূচীৰ অংশ হিচাবে বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কাৰ্যসুচীয়ে সমবেত লোক সকলক আপ্লুত কৰে ।