২৮ বছৰে দেশ সেৱা কৰ্মত নিয়োজিত শদিয়াৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানক বীৰৰ দৰে আদৰিলে গাঁৱবাসীয়ে। বীৰক সদায় বীৰৰ দৰেই সন্মান প্ৰদৰ্শন কৰিব লাগে। এই বাক্য শাৰী যেন প্ৰমাণ কৰি দেখুৱাইছে শদিয়াবাসী ৰাইজে। ৰাজনৈতিক নেতা, চেলেব্ৰেটীক যেনেদৰে সাধাৰণ জনতাই গায়ন-বায়ন, ঢোলে-ডগৰে আদৰি আনে, ঠিক তেনেদৰে শদিয়াৰ এগৰাকী বীৰ সন্তানক আদৰিলে গাঁওবাসীয়ে। দেশ সেৱা কৰা সেনা জোৱানক দিলে উচিৎ সন্মান। যি দৃশ্যই এতিয়া প্ৰত্যেক গৰাকী দেশপ্ৰেমিকক মন্ত্ৰমুগ্ধ কৰিছে।
