১২ ঘণ্টা ধৰি পুত্ৰৰ মৃতদেহ লৈ কান্দি কান্দি বহি থাকিল দুৰ্ভগীয়া মাতৃ, সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁৱৰ কোনো লোক!

মানৱ সমাজক লজ্জানত কৰা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল তিতাবৰৰ ফালেঙীচুকত। সমাজৰ এচাম লোকৰ বাবেই তিতাবৰৰ ফালেঙীচুকৰ এঘৰৰ চোতালত প্ৰায় ১২ ঘণ্টাৰো অধিক সময় ধৰি পৰি ৰ’ল এটা মৃতদেহ। সৎকাৰ কৰিবলৈ নাহিল গাঁওখনৰ লোক। কিয়নো পৰিয়ালটোক এঘৰীয়া কৰি থৈছে গাঁওবাসীয়ে।

প্ৰায় দুবছৰৰ পূৰ্বে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্ক হোৱাৰ বাবেই এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটোক। কিন্তু নিজৰ ভুলৰ শুধৰণি বিচাৰি সমাজৰ আগত পাণ-তামোল দি ক্ষমা বিচৰা পাছতো সমাজে আঁকোৱালি লোৱা নাছিল পৰিয়ালটোক।

সমাজৰ পৰা এঘৰীয়া কৰি থোৱাৰ বাবেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ এজনো লোক। ওৰেনিশা ৩৫ বছৰীয়া পুত্ৰৰ মৃতদেহ চোতালত লৈ চাই ৰ’ল দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে।