মৰিগাঁও ভূৰবন্ধাত মৰিগাঁও জনপ্ৰিয় ৱেব প্ৰৰ্টেল মৰিগাঁও বাতৰি আৰু ভূৰবন্ধা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি উদ্যোগত ছয় দিনীয়া বিহু কৰ্মশালা*ৰাইজৰ বিপুল সহাৰিভূৰবন্ধাত মৰিগাঁও বাতৰি আৰু ভূৰবন্ধা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাত ২৫০ ত কৈ অধিক শিক্ষাৰ্থী অংশ গ্ৰহণে বিহু বাকৰি সৌন্দৰ্য বৃদ্ধি কৰে ।

ভূৰবন্ধা আঞ্চলিক খেলপথাত আজি এইয়া তৃতীয় দিনৰ দৃশ্য।তৃতীয়টো দিনৰ বিহু কৰ্মশালাত ঢুলীয়া আৰু নাচনী সকলৰ উৎসাহিত অংশ গ্ৰহণে ভূৰবন্ধা বিহু বাকৰি সৌন্দৰ্য্য সোনত সুৱগা হৈ পৰিছে ।

এই বিহু কৰ্মশালাত প্ৰথম দিনৰে পৰা অসমৰ অন্যতম শ্ৰেষ্ঠ বিহুৱা বাপুজি কোঁৱৰ লগতে বিহু সম্ৰাজ্ঞী ক্ৰমে কৰবী তালুকদা আৰু কাবেৰী ভূঞা,বাহি বাদক জিন্তু বড়ো লগতে মৰিগাঁও চন্দেশ্বৰ বৰদলৈয়ে সকলো শিক্ষাৰ্থীক প্ৰশিক্ষণ আগবঢ়াই আছে।