হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল ব্লু পাইন ইংলিছ স্কুল ৯৭.১৪% শতংশ উত্তীৰ্ণৰে পূৰ্ব্বৰ ধাৰা অব্যাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল ইটাখোলাৰ * ব্লু পাইন ইংলিছ স্কুল*। বিদ্যালয় খনে পুৰ্বৰ ধাৰা অব্যাহত ৰাখি এই বাৰো ৯৭.১৪% শতাংশ উত্তীৰ্ণৰে উন্নত ফলা ফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত প্ৰথম বিভাগ লাভকৰে ১৩ গৰাকীয়ে, ষ্টাৰ ৮ গৰাকীয়ে, ড্ৰিছট্ৰিংচন ২ গৰাকীয়ে লাভ কৰাৰ লগতে * প্ৰীতি ৰঞ্জন চাহু আৰু আৰিয়ান গুপ্তা দুই গৰাকীয়ে ৯০% নম্বৰ লাভ কৰি বিদ্যালয়খনি লৈ গৌৰৱ কঢ়িয়াই আনিছে । ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে উজ্জ্বল কামনা কৰে।

বিদ্যালয় খনে প্ৰতি বছৰে এনেদৰে ভাল ফলা ফল প্ৰদৰ্শন কৰি অহাৰ বাবে অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজে তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয় খনিৰ প্ৰধান শিক্ষক গৰাকী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলক ভূয়সী প্ৰশংসা কৰে। লগতে প্ৰধান শিক্ষক শিবু মজুমদাৰে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীক অশেষ ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰে।