স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ অসম শক্তি বিতৰণ কোম্পানীয়ে লগোৱা স্মাৰ্ট মিটাৰে ৰামটাঙোন সোধাইছে জনতাৰ মূৰত ৷ সেয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ সাধাৰণ জনতা ওলাই আহিছে ৰাজপথলৈ ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জাগীৰোডতো সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ প্ৰায় ৫ শতাধিক গ্ৰাহকে ঘেৰাও কৰে জাগীৰোড বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰৱন্ধকৰ কাৰ্যালয় ৷ স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণা মিটাৰসমূহ পুনৰ সংযোগৰ দাবী ক্ষোভিত গ্ৰাহকৰ ৷ অন্যথা স্মাৰ্ট মিটাৰ খুলি পেলাই দিয়াৰ হুংকাৰ ৷ অসম চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, এপিডিচিএলৰ লুণ্ঠনৰাজ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি হয় জাগীৰোড বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ চৌহদ ৷