সোণালী অসম ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলা সমিতিৰ সহযোগত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দেওবাৰে বীৰ লাচিত বৰফুকনৰ ৪০২ তম্ জন্মজয়ন্তী উদযাপন কৰা হয় । সোণালী অসম ছাত্ৰ সন্থাৰ সভাপতি যুৱৰাজ দাসে জনোৱা মতে, এই লাচিত দিৱসৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ , লাচিতৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু গছপুলি ৰোপণৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত কামৰূপ জিলা ভিত্তিত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সোণালী অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰাজীৱ বেজে । কামৰূপ জিলাৰ ভিতৰত এই প্ৰতিযোগিতাৰ নিম্ন শাখাত উত্তৰ কামৰূপ জাতীয় বিদ্যালয়ৰ অচিন্ত ৰাজ ডেকাই প্ৰথম আৰু উদয়ন শান্তি নিকেতনৰ প্ৰতীক্ষা ডেকাই দ্বিতীয় স্থান লাভ কৰে ৷ অনুৰূপধৰণে উচ্চ শাখাত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃপাল ৰয়ে প্ৰথম আৰু ফ্ৰন্টলাইন ইংলিছ স্কুলৰ দেৱাশীষ কাশ্যপে দ্বিতীয় স্থান লাভ কৰে ৷ এই অনুষ্ঠানতে
সোণালী অসম ছাত্ৰ সন্থাৰ উদ্যোগত “প্ৰচেষ্টা’’শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয় । এই দিৱস, মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানেৰে সামৰণি পৰে । লাচিত দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে সাংস্কৃতিক সম্পাদক হিমনৃ ভূঞাই । মুকলি সভাৰ মুখ্য অতিথিৰূপে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৱন চন্দ্ৰ ডেকা, বিশিষ্ট অতিথিৰূপে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন্দ্ৰ কুমাৰ বৰুৱা আৰু বি. বৰুৱা কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতীম দাস উপস্থিত থাকে । নিউটন চায়েন্স একাডেমীৰ সঞ্চালক প্ৰিন্স কুমাৰ দাস ,চাংসাৰিৰ বিশিষ্ট সমাজসেৱক কংকন নাথ,গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক
সুনিত দাস,স্থানীয় সমাজসেৱক ভাস্কৰজ্যোতি বেজবৰুৱাই অনুষ্ঠানটিত বিশেষভাৱে সহযোগিতা আগবঢ়ায়।