সোণাপুৰৰ কপালকাটাত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

শুকুৰবাৰে সোণাপুৰৰ কপালকাটাত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা। এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষীৰ এটা দলে চলোৱা অভিযানত জব্দ প্ৰায় ১কি: ১৭৮ গ্ৰাম গাঞ্জা লগতে এই সন্দৰ্ভত আটক কপালকাটাৰ ইয়াৰ আলী (৫৫) নামৰ এজন লোক। উল্লেখযোগ্য যে উক্ত জব্দকৃত গাঞ্জিখিনি ইয়াৰ আলি নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইফালে অধিক তথ্য উদ্ঘাটনৰ বাবে এই সমস্ত ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।