এই উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী দন্দৰাইত প্ৰথমবাৰৰ বাবে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 7 আৰু 8 ডিচেম্বৰত অনুষ্ঠিত হব এই কমলা উৎসৱ ৷ উল্লেখ্য যে, সোণাপুৰৰ ৰসাল কমলাই অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলত সোৱাদৰ বাবে এক সুকীয়া স্থান দখল কৰি আহিছে । সোণাপুৰৰ কমলা বুলি কলে বিশেষকৈ ডিগাৰু , ৰংদলৈ, নৰতাপ, ক্ষেত্রী অঞ্চলৰ কিলিং আৰু অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আম্প্ৰী উপত্যকাৰ বান্দৰগোগ, মাণ্ডৰছিলা, মাৰকাং, দন্দৰাই, কলংপুৰ,
কচুৱাই আৰু কাচংমলা আদি গাওঁকেইখনতে প্ৰচুৰ পৰিমাণে কমলা উৎপাদন হয় ৷ বিশেষকৈ জনজাতীয় লোকসকলে এই খেতি কৰি কিছু পৰিমাণে আর্থিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । কিন্তু বৰ্তমান সময়ত এই ৰসাল আৰু সোৱাদযুক্ত সোণাপুৰৰ কমলাৰ উৎপাদন দিনক দিনে হ্রাস পাব ধৰিছে ৷ সেয়েহে কৃষকসকলে যাতে কমলা উৎপাদন আগৰ তুলনাত দুগুণে বৃদ্ধি কৰিব পাৰে আৰু কমলাবোৰ যাতে অসম তথা উত্তৰ পূৰ্ব্বঞ্চলতে সীমাবদ্ধ নাথাকি বাহিৰা ঠাইলৈ ৰপ্তানী কৰি কৃষকসকল আৰ্থিক দিশত স্বাৱলম্বী হব পাৰে সেই উদ্দেশ্যেৰে এই কমলা উৎসৱ আয়োজন কৰা হৈছে ৷ এই উৎসৱতে বিশিষ্ট কৃষকসকলকো সম্বৰ্ধনা জনোৱাৰ লগতে থাকিব পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু সাংস্কৃতিক অনুষ্ঠান । সেয়ে এই কমলা উৎসৱত সকলোলোকৰে সহায়-সহযোগিতাৰ আৰু উপস্হিতি কামনা কৰিছে উদ্যোক্তাসকলে ৷