সৃজনগ্ৰাম সমষ্টিৰ কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনৰ প্ৰচাৰ অভিযান তুংগত….

সৃজনগ্ৰাম সমষ্টিৰ কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনে প্ৰচাৰ অভিযান তুংগত তুলি আজি ৫টাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ।প্ৰাৰ্থীজনে মুঠ ১২ টাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি চমক সৃষ্টি কৰে।শৌলমাৰী বজাৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি আমিৰুত জামানৰ পৌৰহিত্বতত অনুষ্ঠিত সভাত ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা নাহিদা চৌধুৰীয়ে বিধায়ক আব্দুল বাতিন খন্দকাৰক ঠক, প্ৰৱঞ্চক, দূৰ্নীতিকাৰী, কমিছনৰাজ বিধায়ক আখ্যা দিয়ে। এই নিৰ্বাচন দুৰ্নীতি-অন্যায়-অহংকাৰৰ বিৰুদ্ধে নিৰ্বাচন বুলি ভাষনত কয় নেত্ৰীগৰাকী যে। জিলা কংগ্ৰেছৰ নেতা মোছলেম উদ্দিনে বিধায়কজনক বিবেকহীন নেতা বুলি কয় আৰু টিকটৰ বেচাকিনাৰ দোকান খোলা বুলি কয়।

বঙাইগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি দেৱান আব্দুল হাইয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানীক সকলো আঁচনিত দূৰ্নীতি কৰা বুলি কয় আৰু অৰুনোদয় আঁচনিত নিজৰ পত্নী-কন্যাৰ নাম থকাৰ লগতে পিএম কিসান আঁচনিত মাতৃ ভাইবোৱাৰীৰ নাম দি চৰম দূৰ্নীতি কৰা বুলি ভাষনত কয় ।সভাত সহস্ৰাধিক লোক উপস্থিত থকাত সকলোকে নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনক বিপুল ভোটত জয়ী কৰাৰ আহ্বান জনায় ।প্ৰাৰ্থী ৰমেজ উদ্দিনে নিজৰ জয় নিশ্চিত বুলি কৈ ৪০ হাজাৰো অধিক ভোট পাব বুলি আশা কৰে।