আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ চৌপাশ। পিছে এই আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটিছে বহু নিৰ্লজ্জ কাণ্ড। এফালে হোলী উদযাপনৰ নামত মাতাল যুৱতীৰ উদ্ভণ্ডালি, আনফালে আকৌ পথচাৰীক ৰখাই ৭-৮ জনীয়া যুৱকৰ উদ্ভণ্ডালি।
উল্লেখ্য যে, ১৪ মাৰ্চত হোলীৰ মাজতেই গুৱাহাটীৰ বেলতলা ৱাৰলেছত সুৰামত্ত যুৱতীয়ে চলালে তাণ্ডৱ। মাজনিশা সুৰাসক্ত যুৱতীগৰাকী লিপ্ত হয় মাৰপিটতো। সুৰাৰ ৰাগীত মাতাল এই যুৱতীগৰাকীয়ে একাংশ ব্যৱসায় প্ৰতিষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে পথচাৰীকো অশ্লীল গালি-গালাজ কৰে।
অন্য এগৰাকী যুৱতীসহ কেইবাজনো লোকক মাৰপিট কৰে যুৱতীগৰাকীয়ে। মাতাল হৈ যুৱতীগৰাকী বাগৰি পৰে অৰ্ধনিৰ্মিত নলাত।পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে আটক কৰে এই সুৰামত্ত যুৱতীগৰাকীক।
আনফালে আকৌ অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ কমাৰ্চ পইণ্টতো । ৭-৮ জনীয়া যুৱকে উদ্ভণ্ডালি কৰি গায়ক ঋষি বৰুৱা আৰু তেওঁৰ সতীৰ্থক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যুৱকেইজনৰ বিৰুদ্ধে।
এতিয়া প্ৰশ্ন হয় কিয় কিবা উৎসৱ পাৰ্বন আহিলে বাৰে বাৰে ৰাজ্যত এইধৰণৰ ঘটনা সংঘটিত হয়? উৎসৱ মানেই যুৱ প্ৰজন্মৰ বাবে সুৰা নেকি? হোলী, দিপাৱলী, দুৰ্গা পূজা বুলিলেই কিয় একাংশ সুৰাত হৈ পৰে মাতাল । একাংশৰ মতে বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে নৱপ্ৰজন্ম। নিজৰ জীৱনৰ লগতে প্ৰদূষিত কৰিছে সমগ্ৰ সমাজক।নিজৰ লগতে আন ১০ জনৰো ভবিষ্যত মেঘাচন্ন কৰি তুলিছে।
কিন্তু, কিমান দিনলৈ চলিব এনেধৰণৰ ঘটনা? পশ্চিমীয়া সংস্কৃতিত উটি-ভাহি নগৈ নিজৰ লগতে সমাজখনক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ জানো প্ৰত্যেকৰে কৰ্তব্য নহয়! সেয়া এক এতিয়া হৈ পৰিছে আজিৰ সমাজৰ চিন্তনীয় বিষয়