ঘটনাক্ৰমে সদৌ তিৱা ছাত্ৰ সন্থাই কেইটামান তিৱা জাতীয় সংগঠনৰ লগ লাগি আহ্বান জনোৱা ১২ ঘণ্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচীৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত তিৱা যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা কালি অৱগত কৰিছিল সংবাদ মাধ্যমত । তাৰেই পৰিপ্ৰেক্ষিতত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাঙে ফেচবুকত তিৱা যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৰ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ সমষ্টিৰ এজন কেন্দ্ৰীয় বিষয়ববীয়াক কেইবাটাও দিশ সামৰি আক্ৰমণৰ লক্ষ্যৰে তিৱা স্বায়ত্ব পৰিষদ চেলা চামুণ্ডা ইত্যাদি কটু বাক্যৰে সমালোচনা কৰিছিল । এইক্ষেত্ৰত তিৱা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ কোঁৱৰে সেই ফেচবুক প’ষ্টটো উঠাই লোৱাৰ বাবে সকিয়াই দিয়াৰ লগতে এনেধৰণৰ আক্ৰোশমূলকভাৱে সামাজিক মাধ্যমত আক্ৰমণ কৰিলে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাঙৰ ব্যক্তিগত জীৱনৰ বহু কু অধ্যায় তথ্য সহকাৰে প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে ।