চিৰাজুলিৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শুক্ৰবাৰে দিনৰ ১১ বজাত তদন্তৰ বাবে চিৰাজুলিত উপস্থিত হ’ল ঢেকীয়াজুলি আৰক্ষী ৷ উত্থাপিত অভিযোগ অনুসৰি যোৱা ১৮ জানুৱাৰী তাৰিখে চিৰাজুলিস্থিত নিউ হৰিজন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী শিক্ষকে অমন মাহাতো নামৰ এগৰাকী ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ পিছতে কালি চিকিৎসাধীন অৱস্থাত ছাত্ৰ গৰাকীৰ তেজপুৰ মেডিকেল কলেজ হস্পিটালত মৃত্যু হয় ৷ ইয়াক লৈ আজি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি চিৰাজুলিত উপস্থিত হৈ উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷