শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, ঘৰতেই কৰক এই সহজ কাম

ঠাণ্ডা দিনত ছালৰ সমস্যাৰ শেষ নাই । ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ । সেয়ে আমি সকলোৱে ছাল খন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত । বৰ্তমান সময়ত ছালৰ বিভিন্ন সমস্যা দেখা দিয়া পৰিলক্ষিত হয় আৰু এই সময়ত আমাৰ ছালখন শুকাই যোৱাটো হৈছে এক বিশেষ সমস্যা আৰু এনে ক্ষেত্ৰত কি কৰিব লাগে বা কেনেকৈ আমি ঘৰুৱাভাৱে আমাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰোঁ সেই বিষয়ে অলপ জানোঁ আহক –
১) আমি অধিক মাত্ৰাত গৰম পানী খাই থাকিব লাগে।
২) আমি এল’ভেৰা ব্যৱহাৰ কৰিব লাগে আৰু এই এলভেৰাৰ লগত অলপ হালধি আৰু মৌ মিহলাই মুখত সানিব লাগে।
৩) দৈ ৰ লগত পিঠাগুৰি, আটা মিহলাই তাত অলপ চন্দন আৰু আলুৰ ৰস মিহলাই সপ্তাহত দুবাৰকৈ মুখত সানিলে ভাল ফল পাব।

৪) প্ৰতিদিনে ৰাতি শুৱা সময়ত নিজৰ ছালত নাৰিকল তেল লগোৱাটো অতিকৈ প্ৰয়োজনীয় । নাৰিকল তেলে আমাৰ ছালখন কোমল কৰি ৰখাৰ লগতে উজ্বল কৰি ৰখাত সহায় কৰে ।
গতিকে উপৰোক্ত নিয়মাৱলীসমূহ মানি চলি আমি শুকান ছালৰ পৰা পৰিত্ৰাণ পাব পাৰিম । আমি ছাল খন ধুনীয়া কৰি ৰখাত অধিক গুৰুত্ব দিব লাগে।