শতাধিক সাংবাদিকৰ উপস্থিতিত ডিব্ৰুগড়ত সামাজিক ন্যায় আৰু সবলীকৰণৰ উদ্যোগত কৰ্মশালা।

২০১১ চনৰ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সমীক্ষা অনুসৰি ৰাজ্যত প্ৰায় পাঁচ লাখ কিশোৰ ড্ৰাগছ আসক্ত। ইয়াৰে প্ৰায় ৭০ হাজাৰ লোকেই মহিলা । ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঁয়ে এই কথা সদৰি কৰে। ক’ছিদা এন জি অ’ আৰু অসম চৰকাৰৰ সামাজ্যিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰিটত অনুষ্ঠিত সাংবাদিক কৰ্মশালাত উজনি অসমৰ পাঁচখন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, লক্ষীমপুৰ,ধেমাজি আৰু শিৱসাগৰৰ শতাধিক সংবাদকৰ্মী উপস্থিত থাকে । কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ক’ছিদা এন জি অ’ৰ হৈ নেছনেল ড্ৰাগ চাৰ্ভে ৰ ষ্টেট কৰ’ডিনেটৰ ডা:সন্দীপ হান্সে, জিতু বৰগোহাঁই আৰু অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ বিনোদ চন্দ উপস্থিত থাকি ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে।