পদত্যাগ লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতিৰ ৰুদ্ৰকান্ত তামুলীৰ।আগন্তোক পঞ্চায়ত নিৰ্বাচন ২০২৫।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণতেই হোজাই জিলাৰ লামডিংত কংগ্ৰেছত হৈছে বিসম্বাদ। ফলত কংগ্ৰেছ দলত খহনীয়া।লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি লৈছে ৰুদ্ৰকান্ত তামুলীয়ে। ৰুদ্ৰকান্ত তামুলীয়ে অভিযোগ অনা অনুসৰি হোজাই জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰায় চৌধুৰীয়ে লামডিং গ্ৰাম্য ব্লকত ব্লক সভাপতি ৰুদ্ৰকান্ত তামুলীৰ লগত কোনো আলোচনা নকৰাকৈ লয় কংগ্ৰেছৰ দলৰ যিকোনো কাৰ্য্যসূচী। নিজৰ মনমৰ্জিত যিকোনো কাম কৰা অভিযোগ জিলা কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে। উল্লেখ যে, সমষ্টি বিভাজন নোহোৱাৰ আগতেই লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি পদত অধিস্হিত আছিল কাকীৰ ৰুদ্ৰকান্ত তামুলী।

কংগ্ৰেছ দলৰ নীতি-নিৰ্দেশনা অনুসৰি ৫০ বছৰৰ উৰ্ধৰ ব্যক্তি যিহেতু কংগ্ৰেছ দলৰ ব্লকৰ সভাপতি হৈ থাকিব নোৱাৰে সেইহে ৰুদ্ৰকান্ত তামুলীয়ে এইবাৰ লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি পদ দলে দিয়াৰ পিছতো প্ৰত্যাখ্যান কৰিছিল যদিও দলে পুনৰ দিয়াতহে গ্ৰহণ কৰিছিল লামডিং ব্লক গ্ৰাম্য কংগ্ৰেছৰ সভাপতি পদ। হোজাই জিলা কংগ্ৰেছ দলত অন্ত কন্দল থকা আৰু বলিৰ প্ৰথা হৱলগীয়া হোৱাৰ বাবেই এনেদৰে লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছ সভাপতি ৰুদ্ৰকান্ত তামুলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰা কথা স্বীকাৰ কৰে। হোজাই জিলা কংগ্ৰেছৰ তত্বাবধায়ক চামিম চৌধুৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা কথা স্বীকাৰ কৰিছে ৰুদ্ৰকান্ত তামুলীয়ে।। আনহাতে লামডিং কংগ্ৰেছত আছে দুটা পক্ষ (লবি) । এটা প্ৰাক্তন লামডিং সমষ্টিৰ বিধায়ক স্বপন ক’ৰ আৰু আনটো পক্ষ হল জিলা সভাপতি বিশ্বজিৎ ৰায় চৌধুৰীৰ ।। আনহাতে, হোজাই জিলা কংগ্ৰেছত অসমীয়া ব্যক্তি আছে যদিও অসমীয়া মূল পদৰ ব্যক্তি হিচাপে কাকীৰ ৰুদ্ৰকান্ত তামুলীয়ে আছিল বুলি মন্তব্য।
উল্লেখ যে, যেতিয়া লামডিং সমষ্টিৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ কাকীত প্ৰতিঘৰ লোকৰ মানুহেই বিজেপি দলক সমৰ্থন আছিল । শতকৰা ৯৫% বিজেপি দলত সমৰ্থন আছিল। তাৰ মাজতেই ৰুদ্ৰকান্ত তামুলীয়ে এপাচী শাকত এটা জলকীয়া সদৃশ লামডিং কংগ্ৰেছ দলত দলৰ হৈ কংগ্ৰেছ দলৰ বন্তি গছ জ্বলাই গৈছিল । কিন্তু কংগ্ৰেছ দলৰ নেতা সকলৰ চল-চাতুৰী, অভিসন্ধিত তিস্হি থাকিব নোৱাৰি অৱশেষত নিজৰ পদৱীত কালিমা নাসানি একান্ত চিন্তা ধাৰাই ৰুদ্ৰকান্ত তামুলীয়ে কংগ্ৰেছৰ লামডিং গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছো বুলি সংবাদমেল পাতি কাকীত এনেদৰে মন্তব্য আগবঢ়াই।