মৰিগাঁৱৰ পলাতক ৫ কয়দীৰ এজনৰ মৃতদেহ উদ্ধাৰ ।

দেৱাগুৰী বিলৰ মেটেকাৰ তলৰ পৰা উদ্ধাৰ মৃতদেহটো।
মৃতদেহ উদ্ধাৰ হোৱা কয়দীজনৰ নাম আব্দুল ৰছিদ উৰফে বইলাৰ।
আব্দুল ৰছিদৰ ঘৰ দেৱাগুৰীত।
আজি পুৱাৰ ভাগতে আব্দুল ৰছিদৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে।
শুকুৰবাৰৰ নিশাৰ পৰা পলাতক কয়দীৰ ঘৰে ঘৰে অভিযান চলাইছিল আৰক্ষীয়ে।
আৰক্ষীৰ জালত পৰাৰ আতংকত বিলত জাঁপ দিছিল কয়দী আব্দুল ৰছিদ উৰফে বইলাৰে ।
POCSOগোচৰত বিছাৰাধীন হৈ আছিল পলাতক মৃত কয়দীজন ।
আন চাৰিজন কয়দীৰ সৈতে জেলৰ ভিতৰৰ বেৰেকৰ ৰড ভাঙি বেৰেকৰ
পৰা ওলাই জেলৰ ৱাল পাৰ হৈ পলাইছিল আব্দুলে ।