আজি সদৌ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতিৰ নিৰ্দেশমৰ্মে পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি মৌলানা আকতাৰ হুছেইনৰ নেতৃত্বত এটি সজাতি দলে লক্ষীপুৰৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বান্দৰমাথা,আংটিহাৰাৰ উচ্ছেদিত অঞ্চল পৰ্যবেক্ষণ কৰি সেই অঞ্চলৰ দুখীয়া পৰিয়ালক সাহাৰ্য্য দিয়া পৰিলক্ষিত হয় । এই প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ উচ্ছেদিত পৰিয়ালৰ মাজত কেইবা শতাধিক উন্নতমানৰ কম্বল বিতৰণ কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফাৰৰ আনফাৰ ফাউণ্ডেছনে । পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি মৌলানা আকতাৰ হুছেইনে কয় যে, যিসকল উচ্ছেদিত পৰিয়ালৰ ভূমিহীন প্ৰমাণ পত্ৰ আছে সেই সকলক চৰকাৰে অতি সোনকালে ভূমি প্ৰদান কৰক অন্যথা সেইসকলৰ হৈ জমিয়ত উলামায় আদালতৰ দ্বাৰস্থ হ’ব বুলি প্ৰকাশ কৰে । আজিৰ এই সাহায্য বিতৰণত উপস্থিত থাকে পশ্চিম গোৱালপাৰা জিলা জমিয়তৰ সভাপতি তথা ৰাজ্যিক সমিতিৰ সম্পাদক মৌলানা আকতাৰ হুছেইন, গোৱালপাৰা জিলা জমিয়তৰ সম্পাদক মৌলানা হামিদুল ইছলাম কাচিমী, গোৱালপাৰা জিলা জমিয়তৰ প্ৰচাৰ সম্পাদক মেহবুব ৰাজ, জিলা জমিয়তৰ সদস্য মৌলানা আব্দুৰ ৰহমান, মৌলানা হানীফ উদ্দিন, মৌলানা মনিৰুল ইছলাম, মৌলানা আলি আকাব্বাৰ আদি কৰি উক্ত অঞ্চলৰ বহু মূৰব্বী ।
