মৈৰাবাৰীত চোৰাং চাউল জব্দ ।

যোৱা নিশা মৈৰাবাৰীৰ আৰক্ষীৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত চলা এক অভিযানত মৈৰাবাৰীৰ বি এম পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তীৰ পৰা মহিন্দ্ৰ জিতো বাহনত যোগান বিভাগৰ প্ৰায় ২০ কুইন্টলতকৈ অধিক চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়। AS02CC5971নম্বৰৰ মহিন্দ্ৰ বাহনখনৰ সৈতে চালক মুস্তাক আহমেদকো আৰক্ষীয়ে আটক কৰে। গাড়ীখনত ড্ৰামৰ তলত লুকুৱাই অবৈধভাৱে চাউলখিনি বিক্ৰী কৰিবলৈ যাওঁতেই মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে। ইফালে দলৈগাঁও আৰু লোচনাবৰী সমবায় সমিতিৰ একাংশ এজেণ্টৰ পৰা চোৰাংকৈ চৰকাৰী চাউল বিভিন্ন কাইদাৰে বহি: ৰাজ্যলৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে দলৈগাঁও সমবায় সমিতিৰ অধ্যক্ষই চাউল চুৰি হোৱা সন্দৰ্ভত জনায় যে তেওঁ এই বিষয়ে অজ্ঞাত। চাউল চুৰি কাণ্ডৰ সৈতে দলৈগাঁও আৰু লোচনাৱৰী সমবায় সমিতিৰ একাংশ এজেন্ট জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।