মাৰ্ঘেৰিটাত ৰেল লাইনৰ দুয়োপাৰে বিপদ সংকুলভাৱে এখন দৈনিক বজাৰ। সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমজিলাৰ আটাইতকৈ পুৰণি বজাৰখনেই হৈছে মাৰ্ঘেৰিটা সাপ্তাহিক বজাৰ।
সপ্তাহৰ প্ৰতি দেওবাৰে বজাৰখন বহিছিল যদিও বৰ্তমান বজাৰখন দৈনিক বজাৰলৈ পৰিণত হৈছে।
আটাইতকৈ আচৰিত কথাটো হৈছে মাৰ্ঘেৰিটাৰ আটাইতকৈ পুৰণি বজাৰখন আজিও বিপদসংকুলভাৱে
ৰেল লাইনৰ দুয়ো পাৰেই সংস্থাপিত হৈ আছে । ফলত যিকোনো মূহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা যে সংঘটিত
হ’ব সেইটো এক প্ৰকাৰৰ নিশ্চিত। বজাৰখন চলি থকা অৱস্থাতে পুৱাৰে পৰা কেইবাখনো ৰেলগাড়ী অহা-যোৱা কৰা পৰিলক্ষিত হয় । অলপ অমনোযোগিতা হ’লেই সংঘটিত হ’ব পাৰে ভয়ংকৰ বিপদ । কিন্তু ৰেল বিভাগ কিম্বা মাৰ্ঘেৰিটা পৌৰসভাই আজি পৰ্যন্ত বজাৰখন স্থানান্তৰ কৰাৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে । দীৰ্ঘদিনে বিপদসংকুলভাৱে বজাৰখনত ক্ৰেতা-বিক্ৰেতাই বিভিন্ন বয়বস্তু কিনা-বেচা কৰি আহিছে । দুৰ্ঘটনা সংঘটিত হোৱা আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে । যিকোনো ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে উক্ত বজাৰখন বিভাগীয় কৰ্তৃপক্ষই আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে।