মাৰ্ঘেৰিটাত সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিহু নাচ আখৰা…

ৰাজ্যৰ চৌদিশে ব’হাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি থকা সমান্তৰালকৈ মাৰ্ঘেৰিটাটো সদৌ অসম ভোজপুৰী পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটাত আজিৰে পৰা সপ্তাহজোৱা বিনামূলীয়াকৈ বিহু নাচ আখৰা চলিছে।আজি ভোজপুৰী ভাষী তথা হিন্দী ভাষীৰ দুকুৰি অধিক কিশোৰীয়ে বিহু নাচৰ আখৰাত অংশ গ্ৰহণ কৰে।

প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহুৱতী আইচেং গগৈ আৰু বিহুৱা দেৱজিৎ গগৈয়ে।ভোজপুৰী ভাষী অসমীয়াসকলৰ ৰঙালীক আদৰা এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে আদৰণি জনাইছে।সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ কুমাৰ গুপ্তাই মাৰ্ঘেৰিটাৰ সমূহ কিশোৰ কিশোৰীক এই বিনামূলীয়া বিহু নাচ আখৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।