মানকাচৰ সমষ্টিৰ অন্তৰ্গত ফেকামাৰী গাওঁ পঞ্চায়তৰ ২২/৪ নং খাৰুৱাবান্বা গাওঁৰ সদস্যা পদৰ নিৰ্দলীয় প্ৰাৰ্থী মাছুদা বেগমৰ নিৰ্বাচনী প্ৰচাৰ…

দূৰ্নীতিমুক্ত সমাজ গঢ়ি তোলা আৰু ৰাস্তা ঘাটৰ উন্নয়নে হ’ব মূল লক্ষ্য ।মানকাচৰ সমষ্টিৰ অন্তৰ্গত ফেকামাৰী গাওঁ পঞ্চায়তৰ ২২/৪ নং খাৰুৱাবান্বা গাওঁৰ সদস্যা পদৰ নিৰ্দলীয় প্ৰাৰ্থী মাছুদা বেগমৰ স্বামী ছানোৱাৰ ইছলামে কয় যে তেখেতৰ পত্নী ভোটত জয়যুক্ত হ’লে ৱাৰ্ড খনৰ ৰাস্তা ঘাটৰ উন্নয়নৰ লগতে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ন কৰিব বুলি ভোটাৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে।তেখেতে কয় যে বিগত পাচ বছৰত ৱাৰ্ড খনৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই সেয়েহে ৰাইজে তেখেতৰ পত্নী জনীক সঁহাৰি জনাইছে।ৰাইজৰ উপস্থিতি দেখি তেখেতে আপ্লুত হৈছে আৰু অহা ৭ তাৰিখত তেখেতৰ পত্নী মাছুদা বেগমক জগৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু তেখেতৰ পত্নীৰ লগত কোনো প্ৰতিদ্বন্দিতা নহয় বুলি সংবাদ মাধ্যমৰ আগত ছানোৱাৰ ইছলামে মন্তব্য কৰে।উল্লেখ্য যে যোৱাকালি নিশা উক্ত ৱাৰ্ড খনৰ কেবা শতাধিক সমৰ্থকে প্ৰাৰ্থী জনীৰ বাসভৱনত একগোট হয় আৰু মাছুদা বেগমক সমৰ্থন জনায়।