দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ বাঘাপাৰাত ড্ৰাগছ, বাল্যবিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বাঘাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পদযাত্ৰাৰ কাৰ্যসূচী লোৱা হয় । বাঘাপাৰা এম, এ, কে আজাদ ৰুৰাল মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা চোমৰাশালী APBN কেম্পৰ গোটলৈকে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্নধৰণৰ শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলে। প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া মতে, দক্ষিণ শালমাৰা মানকাচাৰ জিলাখনৰ লগতে বাঘাপাৰা বজাৰৰ অঞ্চলসমূহৰ বিভিন্ন ঠাইত একাংশ সুবিধাবাদী ব্যক্তিয়ে নিজৰ মুনাফা লাভৰ বাবে ড্ৰাগছ, তীৰ, জুৱা, মদ,ভাং আদিৰ দৰে অসামাজিক কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে । ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে চৰকাৰ, জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় যে, অতি সোনকালে অবৈধ ব্যৱসায়ীসকলৰ লগতে অসামাজিক কাৰ্য চলাই থকা ব্যক্তিসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।